'তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে'। - উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'শিশুলীলা' নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উডুলত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কৰা প্ৰকাশ কৰিছে।
যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল। মহা মহা যোগী, মাধৱ সকলে বছৰ বছৰ ধৰি তপ-যপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থ'বলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে- ভগৱান সদায় ভকতৰ অধিন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।