Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

তাৎপৰ্য ব্য়াখ্য়া কৰাঃ (খ) এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।

ভিন ভিন জাতি জনজাতিৰ মাজত কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাষাৰ কোৱা হৈছে।

বিভিন্ন সময়ত আমি মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাচিলো। আমি আনৰ ৰীতি-নীতি, সাজ-সজ্জা আদিবোৰো গ্ৰহণ কৰিছিলো। আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতি-কুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ-অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কট্কটিয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুননত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট।

Write Your Answer