অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। সংস্কৃতি পৰিৱৰ্তনশীল। অসমতো বিভিন্ন জাতি-ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি-ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে।
অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল। সেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা-সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল'লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শৰ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিল।