(গ) মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।
উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁৰ মাক যশোদাই তেওঁক মৰম-আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ-মাহাত্ম্যৰ বৰ্ণনা কৰিছে মাকৰ সন্মুখত। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱান বিষ্ণুৱে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ। যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকর্তা তেৱেঁই আত্মাৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে।
কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে আৰু কেতিয়াবা বান্ধিও থয়। মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি 'কলীয়া' বুলি মাতে। দধি চোৰ, মাটি খোৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে ডাঙৰ-দীঘল কৰিছে। মাক যশোদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়।
দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। তেওঁৰ ভক্তিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গর্ভত জন্ম লৈও প্রকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকহে। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱীয় লীলা প্রদর্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও লৈছিল।