তাৎপৰ্য ব্যাখ্যা কৰাঃ
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ বক্তা হ'ল শ্রীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ-সন্মান নকৰে।
কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহে। ভগৱানৰ তেনে এক ত্রাণকর্তাৰ ৰূপেই হৈছে মোহিনী ৰূপ। কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্র মন্থন কৰোঁতে অমৃতৰ কলহ ওলাইছিল। অমৃত খোৱাৰ লগে লগে খাওঁতাজন অমৰ হৈ পৰে। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনা- আজোৰা লগাত দেৱতাসকলে বৰ ভয় খাইছিল। কিয়নো, অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ'ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰাত। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল। সকলো সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল; এই ছেগতে মোহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মোহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়োফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি 'বাৰুণি' নামৰ সুৰা ভগাই দিছিল। অর্থাৎ, দেৱতাসকলেহে কেৱল অমৃত পান কৰিবলৈ পাইছিল। এনেদৰেই কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে 'দধিচোৰ' বুলিহে কয়। যিজনে হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্রিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে।