(ক) কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।
উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দর্শাই আছে, মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উক্ত কবিশাৰী অৱতাৰণা কৰা হৈছে।
যশোদাৰ নিজৰ সন্তান নাই অর্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশোদাৰ সন্তান বুলি জগতে জানিছিল তথাপি তেওঁ প্রকৃততে দৈৱকীৰ গৰ্ভতহে উপজিছিল। যদিহে কৃষ্ণ যশোদাৰ ঘৰত ডাঙৰ-দীঘল নহ'লহেঁতেন, তেন্তে যশোদাক সকলোৱে কাঠবাঁজী বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশোদাক কৃষ্ণইহে ৰক্ষা কৰিছিল।
দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে কষ্ট পোৱাটো ভগৱানে সহ্য কৰিব নোৱাৰে। সেয়ে যশোদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশোদা হৈছে পৰম সৌভাগ্যৱতী নাৰী যাৰ মনোবাঞ্ছা পূৰণ হৈছিল।
মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবোৰ সোঁৱৰাই দিছিল।