April 2, 2025, 2:13 a.m.
“দৃশ্যান্তৰ" নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। য'ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম-চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হৈ পৰিল। পঁচিশ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে, পঁচিশ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ'ল। গধূলি সময়ত আগতে মানুহৰ ভীৰ নাছিল। এতিয়া সেই সময়ত বাটে-পথে মানুহৰ ভীৰ। কিন্তু পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ'লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকণমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।