Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে৷জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ৷"

উপৰোক্ত গদ্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হীৰেণ গোঁহাইৰ ৰচিত "কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান" পাঠটিৰ পৰা তুলি দিয়া হৈছে ৷

জ্ঞান বিনিময়হে যে সমাজৰ উন্নতি সাধন উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাব বিচৰা হৈছে ৷

আৰৱসকলৰ প্ৰভাৱত য়ুৰোপীয়সকল উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল ৷ আৰৱ পণ্ডিতসকল আকৌ গ্ৰীক, ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদিত ন ন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল ৷ য়ুৰোপীয় মনীষাৰ ওপৰত প্ৰায় এক শতাব্দী কাল আৱে’ৰ্ৰছে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত ছে’ণ্ট টমাছ আকোৱাইনাছে Summa Theologica নামৰ গ্ৰন্থৰে আৱে’ৰ্ৰছৰ প্ৰখৰ যুক্তিজাল খণ্ডন কৰি পৰম্পৰাগত খ্ৰীষ্টীয় ধৰ্মবিশ্বাস পুনৰ আৰিস্ত’তেলীয় ভিত্তিত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল ৷ অৰ্থাৎ দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে৷জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ৷ জ্ঞানক বান্ধি ৰখা মানে নিজতেই সীমাবদ্ধ আৰু বিলাই দিয়া মানেই মানৱীয় উন্নতি সাধন ৷

Write Your Answer