ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,"ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল"৷