'ধনবৰ আৰু ৰতনী' কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্ৰকাশ পাইছে ৷ ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিছিল ৷ কিন্তু ৰতনী যেতিয়া ধনবৰহঁতৰ ঘৰ এৰি গুছি গৈছিল তেতিয়া ধনবৰৰ মনত আঘাত লাগিছিল ৷ সি ৰতনীৰ বিৰহত ব্ৰহ্মপুত্ৰৰ পাৰত বিলপ কৰিবলৈ ধৰিলে ৷ বুকুৰ মাধুৰী লৈ উজাই অহা ৰতনীয়ে যাবৰ পৰত শাহটো সামৰি ধনবৰলৈ খোলাটো এৰি গ’ল বুলি ধনৰে বিলাপ কৰিছ৷ৰতনীৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতো পিতৃ মাতৃক মনাব নোৱাৰা ধনবৰে কেনেকৈ জীয়াই থাকে বুলি প্ৰশ্ন কৰিছে ৷ ধনবৰৰ বুকু শুদা কৰি মাক-বাপেকৰ সৈতে ঘূৰি যোৱা ৰতনীক কালশতৰু বুলি অভিহিত কৰিছে আৰু কবিতাটোৰ শেষৰ ফালে "যাগে ৰতনী! নাহিবি নাহিবি, বিচাৰি নাহিবি মোক ৷" বুলি ৰতনীৰ প্ৰতি গভীৰ অভিমান প্ৰকাশ কৰিছে ৷