লক্ষ্মীনাথ বেজবৰুৱাৰ 'ধনবৰ আৰু ৰতনী' কবিতাটো এটা মালিতা ৷ এই মালিতাত ধনবৰ আৰু ৰতনী নামৰ প্ৰেমিক-প্ৰেমিকাহালৰ অবিচল প্ৰেমৰ কাৰুণ্য সাংগীতিক ভাষাত প্ৰকাশ পাইছে ৷ ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত ৷ মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে৷ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে ৷ এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ উভতি গ’ল ৷ ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে ৷ৰতনী যোৱাৰ পিছত ধনবৰৰ বুকু উদং হৈ পৰিল ৷ ৰতনীৰ অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল ৷ সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল ৷ ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল ৷