পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বোলে। আচলতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি। ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই ল’ব পাৰি। কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে। গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ। ল’ৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন। তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু ল’ৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে।