নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'ম’ৰেল' শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ 'ম’ৰীজ' শব্দটোৰ পৰা ৷ যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ ৷ নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে ৷ মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে ৷ ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে ৷ কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে ৷ ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ ৷ সংক্ষেপতে ক’বলৈ গ’লে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায় ৷