অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্রখনৰ এটি উল্লেখযোগ্য নাম হৈছে নলিনীবালা দেৱী। শান্ত-সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা তেওঁৰ কবিতাবোৰত আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে।অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত নলিনীবালা দেৱীৰ হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰো সমাৱেশ ঘটিছে। 'মিলন' কবিতাটিও এইধৰণৰ কবিতা। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। সপোনে-দিঠকে পৰম আৰাধ্যজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।