কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্ষ ব্রিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সু-সভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায়৷ ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি, পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা-সেৱা কৰি দিন অতিবাহিত কৰিলে।কিন্তু এতিয়া সকলোৱে "ঝাড়ুদাৰ" হোৱাৰ সময় আহি পৰিল। ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে।