পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।
যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযাগ্য সম্পদ।