পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।

By u255f5c61b2 on 1 day ago
April 3, 2025, 2:10 a.m.

এই পাঠত উদ্ধৃত পাঠটি 'কাণখোৱা' পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বর্ণিত হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানৱীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে।

কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চৰিত্ৰৰ প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপ শিশুসকল উপস্থিত হয় আৰু মাতৃ যশােদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগাই কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক'লে যে তেওঁ চাৰি-পাঁচ দিনৰ লৈকে নুঠো আৰু নাখাও। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে তেওঁৰ প্ৰাণে আৰু নশহা হৈছে।

কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে, তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছো।

নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰো, মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালাে। তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভূজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল। এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।

মােহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰিলো। মােক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলো। কিন্তু, তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা। মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই।

ইমান দিনে কাঠবাঁজী বুলি সমস্ত জগতে তােমাক হাঁহিলে। মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলো। তথাপিও তুমি মােৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা। বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে।

গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জটা বান্ধিছে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই। এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে। ইমানবােৰ দুখ-কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক চেনেহ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।