গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহুত দিনৰপৰাই গোহাঞিবৰুৱাই শুনি আছিল। দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্য-কলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি গোহাঞিবৰুৱাৰ অন্তৰত উপচি পৰিছিল। আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱজাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল। সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈও ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল। ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাৰ্যত আত্মনিয়োগ কৰে। সেয়েহে গান্ধীজীয়ে গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে। সেই পত্ৰত গৱৰ্ণৰ জেনেৰেলক 'Dear Sir' বুলি সম্বোধন কৰি, 'Your Excellency'ৰ ঠাইত উকাকৈ অকল 'Your' বুলি লিখা কথাবোৰে গোহাঞিবৰুৱাক বিস্ময়ত পেলাইছিল। গান্ধীজী ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞিবৰুৱাই উদগ্ৰীৱভাৱে বাট চাই ৰ’ল।