Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।

যিবোৰ সম্পদ (যেনে ー সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল-কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো।

Write Your Answer