'প্ৰাচীন ভাৰতীয় শিক্ষা' পাঠটিৰ মূল উদ্দেশ্য হ'ল- প্ৰাচীন ভাৰতৰ শিক্ষা দানৰ বাবে তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী নামেৰে দুখন বিশ্ববিদ্যালয় আছিল। বিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হয়। বিভিন্ন বিদ্যালয়ত তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, ব্যাকৰণ, দৰ্শনশাস্ত্ৰ, আত্মাবিদ্যা, বেদ আদি বিষয়ৰ বিদ্যা দিয়া হয়। আৰ্য শিক্ষাৰ ৬৪ কলা বিদ্যাৰ ভিতৰত ১১ টা বিভাগৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্য়াকৰণ প্ৰণেতা পাণিনি, ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্ৰাজক য়ুয়ানচ্যাঙ আদিয়ে প্ৰাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বিভিন্ন বিদ্যালয়ত অত্ৰেয় ঋষি, নাগাৰ্জুন, শীলভদ্র আদিৰ দৰে ব্যক্তিয়ে শিক্ষা দান কৰিছিল। আজি-কালিৰ দৰেই আগৰ দিনত পুথিভঁৰালৰ ব্যৱস্থা আছিল। বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল। উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনভূমি ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত। প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদৰ্শ বহু উচ্চ মানৰ আছিল। যিকোনো ছাত্ৰই তাত নামভৰ্তি কৰিব পৰা নাছিল।
সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক দলিয়াই থৈ সজ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলোকক সাজু কৰা। প্ৰাচীন ভাৰতৰ শিক্ষা যথেষ্ট আগবঢ়া আছিল। ভাৰতৰ আন এখন তাহানিৰ বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীল বা দেৱবিহাৰ। দুটা উচ্চ বিদ্যালয়ৰ সমষ্টি বিক্ৰমশীলত ১০ গৰাকী অধ্যাপক আছিল। এই বিশ্ববিদ্যালয়ত আছিল চাৰিখন ছাত্রৱাস আছিল। যাক মাক 'সত্ৰ' নামেৰে জনা গৈছিল আৰু তাত ছাত্ৰসকলৰ থকা-খোৱা বিনামূলীয়া আছিল। জ্যোতিশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত। প্ৰাচীন ভাৰতৰ শিক্ষা উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্ৰ সমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তোলাৰ লগতে দেশখনকো ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগবাঢ়ক। পাঠটোৰ জৰিয়তে এনে আস্থান শুনা গৈছিল।