Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে, ৰাগি আছে, আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশত প্ৰকাশ হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷ আঘোণৰ পথাৰত কামৰ লগতে প্রেমানুভূতিৰ আনন্দও আছে।যিকোনো মূহুৰ্তত আৰু যিকোনো পৰিৱেশত ডেকা-ডেকেৰীৰ মনত প্রেমানুভূতিৰ উদয় হ’ব পাৰে। আঘোণৰ পথাৰত কৰ্মৰত গাভৰুহঁতক চাই কবিৰ মনতো প্রেমৰ অনুৰণন জাগি উঠে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন-হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা-গাভৰুৰ মন এক বিশেষ ৰাগিত (প্রেমানুভূতিত) উৰা মাৰে ভালপোৱাৰ কাষলৈ।কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূট হৈ আছে ।

Write Your Answer