Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জনমা মানুহে আজি আলোকলে' উঠি আহে বেলিমুৱা হৈ হাঁহে।

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ উল্লেখ কৰিছে । বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ এই মনোভাৱ আজি জনতাৰ আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।

Write Your Answer