প্ৰসংগঃ উক্ত কাব্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তর্গত মহাপুৰুষ মাধৱদেৱ বিৰচিত 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ পৰা তুলি ধৰা হৈছে । সংগতিঃ কাব্যাংশৰ জৰিয়তে শ্ৰী কৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে হেয় জ্ঞান কৰাৰ প্রসংগ উল্লেখ কৰিছে । ব্যাখ্যাঃ ভগৱান হৈছে ভক্তৰ অধীন। একান্ত ভক্তিৰ দ্বাৰাহে তেওঁক বিচাৰি পাব পাৰি। যি জনা কৃষ্ণক সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো বিচাৰি নাপায়,তেওঁক যশোদাই পৰম ভক্তিৰ বলত পুত্র ৰূপে কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। এই প্রসংগত মাধৱদেৱে নিজকে ‘মূৰুখ’ অৰ্থাৎ মূর্খ বুলি নিজকে হেয় প্রতিপন্ন কৰি শেষত ভনিতা পেলাইছে।