প্ৰাক্-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

By u255f5c61b2 on 1 day ago
April 2, 2025, 11:23 p.m.

প্ৰাক্-মুছলিম যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব হৈছিল।

প্ৰাক্-মুছলিম যুগৰ জীৱন প্ৰাৰ্চুযৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ-মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাৰ্চুয্য়ত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱনৰ প্ৰাৰ্চুয্য় একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদাৰশীল হৈ পৰিছিল। ছবিবোৰৰ ভাৱ-ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পৰ। মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ-প্ৰৱণতা নাছিল, আছিল বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে, আমি উৰ্দ্দুৰ ৰোমাণ্টিক কাব্য-সাহিত্যৰ কথা ক'ব পাৰো।

ব্যক্তিবাদে সাময়িকভাৱে হ'লেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্থান প্ৰায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োবিধৰ মিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গ'লে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্টৰ প্ৰধান লক্ষণ আছিল। এবিধ মূলতে আনন্দাপ্লুত, ৰস-চঞ্চল আকৌ আনবিধ আছিল ধীৰ, মন্থৰ প্ৰাণ।