হেমচন্দ্ৰ গোস্বামী দেৱে লিখা `প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছো। প্ৰাচীন কালত ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে এই পাঠটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। পুৰণি কালত ভাৰতৰ বিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহত কি কি শিক্ষা প্ৰদান কৰা হৈছিল। তাহানিতে এখন, দুখন নহয় ছখনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিল। তাৰ ভিতৰত পৃথিৱী বিখ্যাত নালন্দা বা তক্ষশীলাও আছিল। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে- বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি আৰু ৰাষ্ট্ৰবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্যও ছাত্ৰ হিচাপে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। যুগ যুগ ধৰি আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনোটোও সত্ৰ বা ছাত্ৰাবাসৰ আছিল। কৰবাত ন-তলীয়া পুথিভঁৰাল আছিল, কোনোখন আকৌ ভাৰতৰ সকলো পণ্ডিতৰ মিলনভূমি আছিল।
আগত দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি ন ন বিষয়ত কেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল আৰু আজিৰ ছাত্ৰই কিয় তেনে সত্য আৱিষ্কাৰ কৰিব পৰা নাই, ইয়াৰ বিষয়ে গম পোৱা গ'ল। আগৰ দিনত শিক্ষা ব্যৱস্থা আছিল মানুহৰ বৃত্তিবোৰক তুলি তেওঁক জীৱন যুদ্ধৰ নিমিত্তে সাজু কৰা। আগৰ দিনত আজি-কালিৰ দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। এনেবোৰ বিষয়ে গ'ম পোৱা গ'ল এই পাঠটিৰ জৰিয়তে।