Add Book Write Article
Cancel

প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 12:54 p.m.

নিজ দেশত শিক্ষা গ্ৰহণ কৰি আনন্দৰাম বৰুৱা উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল ৷ বৰুৱাৰ পূৰ্বৰ সময়বোৰত ভাৰতীয় সাহিত্যসমূহৰ পাশ্চাত্য বিদ্বৎসমাজৰ অগোচৰেই থাকি গৈছিল ৷ এইসমূহৰ লগত তেওঁলোক পৰিচিত হ’ব পৰাকৈ উপযুক্ত গ্ৰন্থ ৰচনা হোৱা নাছিল ৷ ফলত ভাৰতীয় সাহিত্যসমূহ সংস্কৃত ভাষাৰ মাজত আৱদ্ধ হৈ আছিল ৷ কিন্তু ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে গভীৰ জ্ঞান থকা আনন্দৰামে ৰচনা কৰা - A Practical English-Sanskrit Dictionary, Higher Sanskrit Grammar,Gender and Syntax, Bhavabhuti & # 39, Mahavircharitam, Saraswatikanthabharana, Namalinga-Nusasana আদি গ্ৰন্থৰ পিছত পাশ্চাত্যৰ বিদ্বৎ সমাজ ভাৰতীয় সাহিত্যসমূহৰ লগত পৰিচয় হ’ল ৷ তেওঁ এই কৰ্মৰাজিয়ে ভাৰতীয় সাহিত্যৰ এটা নৱযুগৰ সূচনা কৰিলে আৰু প্ৰাচ্য-পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ মাজত এক সমন্বয় সাধিত হ’ল ৷