প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্গত ড॰ দীনেশ চন্দ্র গোস্বামীৰ দ্বাৰা ৰচিত 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' শীর্ষক প্রৱন্ধটোৰ পৰা লোৱা হৈছে।
সংগতিঃ কথাফাঁকিৰ জৰিয়তে বিজ্ঞানৰ সকলো ক্ষেত্ৰতে মুকলি মনটোৰ কিমান গুৰুত্ব আছে,সেই বিষয়ে প্ৰকাশ কৰিছে।
ব্যাখ্যাঃ আঁকোৰ গোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মানসিকতাই হ’ল মুকলি মন ।এনে মনে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।এইয়াই হৈছে মুকলি মন।বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পুর্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পর্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্রহ কৰি ধাৰণাটোৰ সঁচা-মিছা নির্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। মুকলি মনৰ অধিকাৰী হোৱাৰ বাবেই সমাজৰ বহুতো লোক অন্ধবিশ্বাস,পৰম্পৰাবাদী ঠেক গণ্ডীৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছে।সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে মুকলি মনৰ গুৰুত্ব বৰ বেছি।