সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
হৰিৰ মহিমাৰ কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।
হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত, পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে, হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্দৰ সৃষ্টি কৰিছে, স্থিতি - স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।