আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ॥
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মায়ামোহত আৱদ্ধ কবিয়ে মুক্ত বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত গীতফাঁকি উল্লেখ কৰিছে।
পৰম ব্ৰহ্ম পৰমেশ্বৰ নিম্ভৰ্ণ, নিৰাকাৰ। নিগুৰ্ণ ব্ৰহ্মাই গুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্ত সকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ, বিষয় - বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়া মোহ, বিষয়- বাসনাত আৱদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়া- মোহ, বিষয়- বাসনাৰ পৰা উদ্ধাৰ কৰে।