তোমাৰ চৰণ দুই মোৰ মহাধন। ভকত জনেৰ নিজ তুমিসে জীৱন॥ - প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা।

By u255f5c61b2 on 5 days ago
March 30, 2025, 3:46 a.m.

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।

হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন- বিত, সা- সম্পতি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণকমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ব ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ, আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়।