সনক, সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। হৰিৰ চৰণযুগল লাভ কৰাটো যে ইমাণ সহজ কাম নহয় সেই কথা কবলৈ গৈ কবিয়ে উপৰোক্ত কবিতাফাঁকি উল্লেখ কৰিছে। হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি । এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি সনক, সনন্দ আদি যোগীসকলে হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে তেওঁ জীৱনে মৰণে কেতিয়াও ভক্তৰ লগ নেৰে।