Add Book Write Article
Cancel

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷- "ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷"

By uf9b861367c on 2 weeks ago
April 4, 2025, 8:33 a.m.

উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷ শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ ৷ ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ 'ডিভাইন কমেডি' ৰূপৰ পৰাই ওলাইছে ৷ হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷