উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত 'বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷
কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা ক’বলৈ গৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ৷
বন্য ফুল পাতেৰে সজ্জিতা বনকুঁৱৰীৰ ৰূপ সৌন্দৰ্যই বতাহক বলিয়া কৰিছে ৷ মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে৷বনকুঁৱৰী আৰু জলকুৱঁৰী দুয়োৰে মিচিকিয়াঁ হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে৷দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন শিয়ৰি উঠিছে৷এই শিহৰণে জান,জুৰিৰ পানী উছলাই তুলিছে৷এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে৷আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্ৰ লীলাক মানৱীয় ৰূপত প্ৰত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম,ভালপোৱা তাৰ মাজতেই অনুভৱ কৰিছে ৷