Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা: আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ চৰণাঘাত লভিছা ক’ত !

উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে ৷

কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷

'ৰাজপথ’ কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো দেখুৱাবলৈ যত্ন কৰা হৈছে য’ত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ জীৱিকাৰ সন্ধানত অহা ভদ্ৰ নাৰী কোনোৱা ধনী ব্যক্তিক নিজৰ শৰীৰ বিক্ৰী কৰি এসাঁজ আহাৰৰ যোগাৰ কৰিব লগা হয় ৷

Write Your Answer