উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে৷
কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷
কবিতাটোত শ্ৰেণী বৈষম্যৰ কথা কোৱা হৈছে ৷ এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱনৰ কথা কোৱা হৈছে আৰু আনহাতে তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা সৰ্বহাৰাৰ শাৰীবোৰৰ কথা কোৱা হৈছে ৷ কবিয়ে ভগৱানক ধন্যবাদ জনাইছে কাৰণ ধনী দুখীয়া ভগৱানেইটো সৃষ্টি কৰিছে ৷ ৰাজপথৰ সেই অট্টালিকাৰ তলত থা ফুটপাথবোৰেই হৈছে গৃহহীন, বঞ্চিতসকলৰ আশ্ৰয়স্থল।