উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা তুলি ধৰা হৈছে ।
কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই কবিতাফাঁকি উল্লেখ কৰিছে । প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে । পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে । কিন্তু কবি বাস্তৱত বিশ্বাসী । কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে । তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব । তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ’ব ।