উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।
দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্রণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্রেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্রেৰণা । তেওঁৰ সৃষ্টিকর্মৰ মাজেদি সেই যন্ত্রনাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া । এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব। সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে। যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে। তেওঁ এবাৰেই এই জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাইছে।