উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷
ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷
ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷ দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল ৷ ধনবৰ ভাগি পৰিল ৷ সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে ৷ ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা ৷মনৰ বেজাৰত সেন্দূৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কৈ ৷ কিয়নো প্ৰথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে ৷ যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে ৷ লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে ৷ ধনবৰৰ বিলাপত ৰতনীৰ প্ৰতি গভীৰ প্ৰেম প্ৰকাশ পাইছে ৷