Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।

প্ৰসংগ -উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।

সংগতি :এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।

ব্যাখ্যা -কবিতাফাঁকিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কর্মৰ অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে। সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰে কৰি থাকে। তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰি। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰেই মহিমা লুকাই আছে তেওঁৱই পৃথিৱীখন গঢ়ি তুলিছে। সেয়ে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ আখ্যা দিছে ।

Write Your Answer