উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে ৷
কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই ৷
ৰাজপথৰ দুয়োপাৰে বৃহৎ অট্টালিকাবোৰৰ কথা অৱতাৰণা কৰি কবিয়ে কৈছে যে ৰাতিৰ অন্ধকাৰত এয়াৰ পাঁচ তলাত গানৰ প্ৰতিধ্বনি শুনা যায় ৷ লগতে শুনা যায় কলেজীয়া ছোৱালীবোৰৰ বিৰহত উচুপি উঠা চিঞৰবোৰ। যিবোৰে ধনী চাহাবৰ দামী বিছনাৰ কোমল তলিচাবোৰত সৰ্বশৰীৰ উদঙাই দিয়ে ৷