Add Book Write Article
Cancel

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ ফুটুকাৰ তলতে যখিনী ছোৱালী ৷ টুকটুক চাপৰি বায় ধনাইৰ ছাঁতে ৰতনী নাই ঐ কোনে তাৰ মুখলৈ চায়৷

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:42 a.m.

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত 'ধনবৰ আৰু ৰতনী' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

ৰতনীৰ প্ৰতি ধনবৰৰ মনত উন্মেষ হোৱা গভীৰ প্ৰেমৰ ছবি কবিতাফাঁকিৰ মাজেৰে প্ৰকাশিত হৈছে ৷

অসমীয়া ৰূপকথাৰ যখিনী ছোৱালীৰ উল্লেখেৰে কবিয়ে পংক্তিটোত এক চহা ৰূপ দান কৰিছে ৷ ৰতনীৰ বিৰহত কাতৰ হৈ পৰা ধনবৰে লুইতৰ পাৰত ৰৈ ৰৈ বিলাপ কৰিছে ৷ ৰতনীৰ অবিহনে তাৰ জীৱন বৃথা যেন অনুভৱ হৈছে ৷ ৰতনীকে মনে প্ৰাণে ভালপোৱাৰ পিছত ৰতনীয়ে দিয়া বুকুভঙা বেদনাক কবিয়ে লোক সংগীতৰ সুৰেৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে ৷