প্ৰশ্নোদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি ধৰা হৈছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ শ্ৰমজীৱী জনতাৰ প্ৰতি প্ৰশস্তি প্ৰকাশ পাইছে। কাঠমিস্ত্ৰীসকল কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে এক নতুন ৰূপ। অকণো জিৰণি নোলোৱাকৈ খাটি কঠিন কাঠেৰে সাজে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তেজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে। নীৰস আৰু কঠিন কাঠক ৰাণ্ডা-বটালি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ প্ৰাসাদ। অথচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা। সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাঁকিৰ মাজেদি ফুটি উঠিছে।