উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত কৰুণতম’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে ।
সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত
প্ৰসঙ্গক্ৰমে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম –আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যেয় কবিতাফাঁকিৰ অৱতাৰনা কৰিছে । অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন । কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে । কবিৰ পিতৃ এজন উওম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে । কবিয়েও ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে । কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰনৰ কৰ্মাদৰ্শৰে ভৱিষ্যতৰ বাবে নিজৰ স্মৃতি ৰাখি যাব –সেই আশংকাত কবি চিন্তাক্লিষ্ট হৈ পৰিছে । নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাকিৰ মাজেদি প্ৰকাশিত পাইছে ।