Add Book Write Article
Cancel

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা : মুকলি চুলিৰে নাম গাই ঘূৰি চাপৰি টুক্ টুক্ টুক্ । ৰূপহীৰ মেল দেৱযোনি খেল মানুহে নেদেখা মুখ ।

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:52 a.m.

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত 'বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

কবিয়ে বনকুঁৱৰীয়ে কিদৰে প্ৰকৃতিৰ বুকুত খেলি কৰি নিজৰ ৰূপেৰে মানুহক মুগ্ধ কৰিছে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ৷

কবিয়ে কবিতাটিত প্ৰকৃতিক মানৱীয় ৰূপত কল্পনা কৰিছে ৷ বনকুঁৱৰীয়ে যেন প্ৰকৃতি জগতখনক মোহময়ী কৰি তুলিছে ৷ আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে৷তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন৷প্ৰকৃতিৰ এই অনিৰ্বচনীয় ৰূপ আৰু স্বাধীন সত্ত্বাটোৱে কবিক আকৰ্ষিত কৰিছে৷সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰা টুকটুক চাপৰি বজোৱা ছোৱালীজনী৷প্ৰকৃতি সত্ত্বাৰ এই ভুৱন ভোলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকিয়াঁ হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে ৷