Add Book Write Article
Cancel

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- মৃত্যুৱে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীৰ্বাদ আছে ৷

By uf9b861367c on 1 week ago
April 4, 2025, 11:29 a.m.

উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত 'এখন চিঠি’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

কবি বৰুৱাই মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে উক্ত কবিতাফাঁকিৰ জৰিয়তে ৷

এজন সৈনিক হোৱা সচাঁকৈয়ে বহুত টান ৷ তেওঁলোকৰ জীৱন দেশমাতৃৰ বাবে উৎসৰ্গিত ৷ যিকোনো মুহূৰ্তত শত্ৰুপক্ষৰ লগত হোৱা আক্ৰমণত প্ৰাণ যাব পাৰে ৷ তাৰ বাবে সৈনিকসকল সদায়ে সাজু ৷ তেওঁলোকৰ বাবে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ ৷ আত্মাৰ যিদৰে মৃত্যু নাই সৈনিকৰ মৃত্যুও তেনেকুৱা, অৰ্থাৎ মৰিও অমৰ ৷ কবিয়ে তেনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুল আখ্যা দি সৈনিকৰ জীৱনৰ মহত্ত্ব প্ৰকাশ কৰিছে 'এখন চিঠি' কবিতাটোৰ জৰিয়তে ৷