জানিব খোজাৰ নতুন ঠিকনা
উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ’ৰ অন্তগৰ্ত হোমেন বৰগোহাঞিৰ ৰচিত 'গিবন' পাঠটোৰ পৰা তুলি দিয়া হৈছে ৷
এগৰাকী লেখকে তেওঁৰ সাধনাত মহৎ গ্ৰন্থ এখন লিখি উলিওৱাৰ পিছত বুকুত যি শূন্যতা অনুভৱ কৰে তাকে উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷ গিবনৰ জীৱনৰ সোতৰটা বছৰৰ,জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান-জ্ঞান আছিল "The History of the Decline and Fall of the Roman Empire" ৷ ১৭৮৭ চনৰ ২৭ জুনৰ দিনা গিবনে তেওঁৰ ফুলনিত বহি ৰাতি ১১/১২ মান বজাত যেতিয়া গ্ৰন্থখনৰ শেষ পৃষ্ঠা লিখি উলিয়ালে এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলিলে," স্বাধীনতা ঘূৰাই পোৱাৰ আনন্দ...লগতে যশস্যাৰ ভেটি প্ৰতিষ্ঠা কৰাৰ আনন্দ ৷ কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনলৈ বিষাদৰ ছাঁ নামি আহিল ৷ অতীতৰ বুকুৱেদি যি দীঘল বাট অতিক্ৰম কৰিলে আৰু ভৱিষ্যতৰ বুকুলৈ তেওঁৰ গ্ৰন্থখনে যি দীঘলীয়া ভ্ৰমণ অতিক্ৰম কৰিব,তাৰ মাজৰ সময়ছোৱা তেওঁৰ অৰ্থশূন্য, ক্ষণস্থায়ী যেন অনুভৱ হৈছিল ৷ গ্ৰন্থখন তেওঁৰ প্ৰিয় লগৰী আছিল, চিৰকাললৈ প্ৰিয় সংগীক বিদায় দিয়াৰ শোকে গিবনক খুলি খুলি খাইছিল ৷ সেয়েহে কোৱা হৈছে, "যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে ৷"