উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি "সাহিত্য সৌৰভ"ৰ অন্তৰ্গত "আনন্দৰাম বৰুৱা" নামৰ পাঠটোৰ পৰা তুলি দি হৈছে৷পাঠটিৰ লেখক উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱ ৷ আনন্দৰাম বৰুৱাৰ একান্ত কৰ্মনিষ্ঠতাৰ কথা প্ৰকাশ কৰালৈকে লেখকে কথাফাঁকিৰ অৱতাৰণা কৰিছে ৷ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম৷অবিৰাম কৰ্মগতিতে তেওঁৰ আনন্দ ৷ কামৰ বাবে তেওঁ প্ৰশংসা নিবিচাৰিছিল ৷ বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চমানৰ গ্ৰন্থ প্ৰণয়ন কৰিবলৈ সংকল্প কৰিছিল ৷ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি জগতবিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিস্ময় মানিছিল ৷