উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাৰ ৰচিত 'লাচিত ফুকন’ কবিতাটোৰ পৰা লোৱা হৈছে ৷
কবিতাফাঁকিত কবিয়ে বৰ্তমান সময়ৰ দেশপ্ৰেমিকসকলৰ কথা কৰ্মক ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰিছে ৷ কবিয়ে আক্ষেপেৰে কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্ৰেমিকৰ দেশতে জন্ম লৈছে এচাম ভণ্ড দেশপ্ৰেমিকে ৷ তেওঁলোকৰ আহৰি নাই বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ উমান ৰখাৰ ৷ তেওঁলোকে কেৱল কানিৰ মূল্য নিৰূপণৰ দৰে কিছু তুচ্ছ কামত ব্যস্ত ৷ বাহিৰৰ সমাজৰ সৈতে নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে ৷ এইচাম দেশ প্ৰেমিকে মাথো জানে আকাশ পাতাল কঁপোৱা বক্তৃতা দিবলৈ আৰু বাঁহৰ কামীত চূণ সানি সৰু ল’ৰা ছোৱালীয়ে কৰা ওমলা যুদ্ধৰ অভিনয় কৰিবলৈ ৷ লাচিতৰ দৰে সচাঁ তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এইচাম দেশপ্ৰেমিকৰ কলিজাত সাহস নাই ৷