'ফুলতী-মালতী’ খেল ছোৱালীৰ মাজতহে আৱদ্ধ৷এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয় ৷ প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে৷ইয়াৰ পিছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব ৷ এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ বুলি ধৰা হয়৷