ক) সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে প্ৰাণ টানি ধৰে।
উক্ত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত 'গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।
আমি সদায়ে দেখি থকা গছৰ পাত খিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে।